গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰত আজি দুৰ্গাপূজাৰ প্ৰাকক্ষণত নগৰ পৰিষ্কাৰ অভিযানত নামিল গোৰেশ্বৰ নগৰ সমিতি৷ সোমবাৰে পুৱা দহ বজাৰ পৰা স্বচ্চ ভাৰত অভিযানৰ অংশ হিচাপে গোৰেশ্বৰ নগৰ সমিতিৰ আহ্বানত আজি পুৱা দহ বজাৰ পৰা প্ৰায় তিনি ঘণ্টা ধৰি গোৰেশ্বৰৰ নগৰৰ বিভিন্ন স্থানত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে৷
চাফাই অভিযানত নগৰ সমিতিৰ অধ্যক্ষ ধনঞ্জয় বসুমতাৰী, তামুলপুৰ মহকুমাৰ মহকুমাধিপতি সুজিত বাগ্লাৰী, জন স্বাস্থ্য কাৰীকৰী বিভাগৰ অভিযন্তা হৰিহৰ বসুমতাৰীয়ে অংশ লয়৷ চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰাৰ পূৰ্বে অভিযানত অংশ গ্ৰহণ কাৰীসকলক হাতত ঝাড়ু আৰু মূৰত “স্বচ্চতাই সেৱা” শীৰ্ষক প্ৰতীক সম্বলিত টুপি এটাকৈ পৰিধান কৰোৱা হয়৷