ডিফু: ভাৰতৰ জাতীয় পিতা মহাত্মা গান্ধীৰ ১৪৯ সংখ্যক জন্মজয়ন্তী উপলক্ষে “স্বচ্ছতা হি সেৱা”ক লক্ষ্য হিচাপে লৈ জিলা সৈনিক ৱেলফেয়াৰ অফিচৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত যোৱা ১৫ ছেপ্তেম্বৰৰ পৰা স্বচ্ছ অভিযান চলাইছে৷
এই অভিযানৰ অংশ স্বৰুপে আজি পূব কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়তো চাফাই অভিযান চলায় ৷ জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই চাফাই অভিযানৰ শুভ উদ্ধোধন কৰে ৷ প্ৰায় অৰ্দ্ধ শতাধিক অৱসৰ প্ৰাপ্ত সেনা, বিধৱা সেনা পত্নী, উপায়ুক্ত কাৰ্যালয়ৰ কেবাগৰাকী বিষয়া কৰ্মীয়ে অতিৰিক্ত উপায়ুক্ত নৰচিং বে’ই হাতে হাতে ঝাড়ু, টুকুৰী আদি লৈ উপায়ুক্ত কাৰ্যালয়ৰ চৌপাশ পৰিষ্কাৰ কৰে ৷