নগাঁওঃ শাৰদীয় দুৰ্গা পূজা উপলক্ষ্যে কৃত্ৰিম ৰঙেৰে প্ৰস্তুত কৰা বিভিন্ন তৰহৰ ৰংচঙীয়া মিঠাই তথা অন্যান্য খাদ্য সামগ্ৰীয়ে মানৱ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে৷ কিয়নো, গ্ৰাহকক সহজে আকৰ্ষিত কৰিবৰ কাৰণেই এচাম অসৎ চৰিত্ৰৰ ব্যৱসায়ীয়ে নানা প্ৰকাৰৰ শৰীৰৰ অনিষ্টকাৰী কেমিকেল ব্যৱহাৰ কৰি ৰংচঙীয়াকৈ আৰু লোভনীয় ৰূপত নগাঁও জিলাত নানা বিধৰ মিঠাই প্ৰস্তুত কৰা হৈছে৷
তদুপৰি এই মিঠাইবোৰ জিলাখনৰ পূজাস্থলীসমূহত সম্পূৰ্ণ মুকলিকৈ অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰি থকা হৈছে৷ উল্লেখ্য, জিলা খাদ্য পৰিদৰ্শকে আন সময়ৰ উপৰি ঘাইকৈ পূজাৰ বতৰত খাদ্য সামগ্ৰী তৈয়াৰ কৰা উদ্যোগ তথা দোকানবোৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে যদিও তাকে নকৰি ৰহস্যজনকভাবে এই সময়চোৱাত কাৰ্যালয়তে বহি দায়িত্ব সামৰাহে দেখিবলৈ পোৱা গৈছে৷