83
গুৱাহাটী/নগাঁওঃ ৰাজ্যত ছ’ৱাইন ফ্লুৱে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে আজি আন এগৰাকী ৰোগী মৃত্যুমুখত পৰে। ইয়াৰ লগে লগে এই ৰোগবিধত চলিত বৰ্ষত এতিয়ালৈকে নিহত লোক সংখ্যা হয়গৈ ৪গৰাকী।
প্ৰাপ্ত বাতৰি মতে, সোমবাৰে পুৱাৰ ভাগত মহানগৰীৰ এপল’ হাস্পতালত ছ’ৱাইন ফ্লু’ত আক্ৰান্ত নগাঁৱৰ এগৰাকী মহিলাৰ মৃত্যু হয়। মৃত মহিলাগৰাকী হৈছে নগাঁৱৰ দক্ষিণ হয়বৰগাঁৱৰ বাসিন্দা ছাবিনা ইয়াছমিন বৰভূঞা। যোৱা ২৬ জুলাইত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ছাবিনাক।