53
নগৰবেৰাঃ কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাৰ কালাতলী-চাম্পুপাৰাত বন বিভাগে অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল আৰু মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷
সোমবাৰে নিশা অভিযান চলাই নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া ভূপেন দাসৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে কালাতলীৰ দাসপাৰা আৰু চাম্পুপাৰাত অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল উৎখাত কৰে৷ অভিযান কালত বন বিভাগে চোৰাং কাঠ জব্দ কৰিবলৈও সক্ষম হয়৷