newsnextone.com | ওদালগুৰিঃ বিগত ১৫ দিনে নিৰুদিষ্ট হৈ আছে ওদালগুৰিৰ এগৰাকী সদ্য পদত্যাগী এচিএছ বিষয়া কাৰ্পূণ পাটিৰ। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেত্ৰী সুমিত্ৰা পাটিৰৰ জ্যেষ্ঠ পুত্ৰ কাৰ্পূণ পাটিৰে বিগত ১৮ আগষ্টৰ পৰাই কাৰ্যালয়ৰে সৈতে কোনো ধৰণৰ যোগাযোগ ৰখাৰ পৰা বিৰত আছে। ২০১৬ চনৰ পৰাই ওদালগুৰিত নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল বিষয়াগৰাকীয়ে।
উল্লেখযোগ্য যে, বিগত ১৮ আগষ্ট তাৰিখে জিলা উপায়ুক্তৰ অনুপস্থিতিত ওদালগুৰিৰ নিৰ্বাচনী বিষয়াৰ দ্বায়িত্বত থকা এচিএছ বিষয়া গৰাকীয়ে উপায়ুক্তৰ ব্যক্তিগত সহায়কৰ হাতত নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰি সেই সময়ৰ পৰাই নিৰুদ্দেশ হৈ আছে। পদত্যাগ পত্ৰত তেওঁ মাতৃ মধুমেহ ৰোগত আক্ৰান্ত হোৱা হেতুকে শুশ্ৰূষা কৰাৰ উদ্দেশ্যে পদত্যাগ কৰা বুলি উল্লেখ কৰিছে যদিও সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত আছে।