নতুন দিল্লীঃ দিল্লীৰ হিংসাত্মক ঘটনাত মৃত্যুক সাবটি লোৱা চোৰাংচোৱা বিষয়া অংকিত শৰ্মাৰ বাসগৃহত এতিয়া নিমাওমাও পৰিৱেশ। অংকিতৰ পিতৃ, আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়া সকলোৱে তেওঁৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছে ‘আপ’ৰ নেতা তথা পাৰিষদ তাহিৰ হুছেইনক। এই অভিযোগ সন্দৰ্ভত আপ নেতা তাহিৰে টুইটযোগে স্পষ্টীকৰণ দিয়াও দেখা গৈছে। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰ্যন্ত এজাহাৰ দাখিল কৰা নাই।
২৬ ফেব্ৰুৱাৰীত নৰ্দমাত উদ্ধাৰ হৈছিল অংকিতৰ মৃতদেহ