ডিজিটেল ডেস্কঃ মেঘালয়ৰ নিৰ্বাচনৰ বাবে মাজত মাথো দুটা দিন৷ শনিবাৰৰ পৰা সামৰণি পৰিব ৰাজ্যখনৰ প্ৰচাৰৰ দিন৷ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহে ব্যাপক প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীৰে উবুৰি খাই পৰে মেঘালয়ত৷ ৰাজনৈতিক দলৰ নেতা সমূহে মেঘালয়ত বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰক মন জয় কৰাৰ চেষ্টা কৰে৷
বিজেপিৰ লিখক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, সাংসদ শশী থাৰুৰে শুকুৰবাৰে মেঘালয়ত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহে৷ নিবাচনী সভাত অংশ লৈ থাৰুৰে বিজেপিক তীব্ৰ সমালোচনা কৰি মোডীয়ে হিন্দুত্বৰ নামত সংকীৰ্ণ ৰাজনীতি কৰা বুলি কয়৷ আগন্তক নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈ আহ্বান জনায়। এই খন চৰকাৰৰ এনে কোনো উল্লেখনীয় কামৰ বিৱৰণ নাই যাক চৰ্চা কৰিব পাৰি। চৰকাৰে দেশত বিশেষ পৰিৱৰ্তন আনিব বিচাৰিছে যদিও এয়া সম্ভৱ হোৱা নাই।