ডিব্ৰুগড়ঃ টাই আহোম যুৱ পৰিষদে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচীত সদৌ তাই আহোম ছাত্ৰ সন্থাই আজি পূৰ্ণ সমৰ্থন আগবঢ়ায়৷ বৰপথাৰ আঞ্চলিক আটাছু আৰু টাইপাৰ শতাধিক কৰ্মীয়ে পুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে বিভিন্ন প্ৰতিবাদী শ্লো’গানে পৰিৱেশ উত্তাল কৰি তোলে ৷ বৰপথাৰ আঞ্চলিক আটাছু আৰু টাইপাৰ লগতে স্থানীয় ৰাইজে সহযোগ কৰা প্ৰতিবাদত চৰকাৰ বিৰোধী শ্লো’গান শুনিবলৈ পোৱা যায় ৷