ডিব্ৰুগড়ঃ টাই আহোম যুৱ পৰিষদৰ ২২সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি ডিব্ৰুগড় সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়। অনুষ্ঠানত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পংকজ বুঢ়াগোহাঁইয়ে জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিব’লৈ আহ্বান জনায়।
লগতে জনজাতিকৰণ নকৰিলে পৰিস্থিতি ভয়াবহ হব বুলিও মন্তব্য কৰে। টাইপা ডিব্ৰুগড় জিলা সমাতিৰ উদ্যোগত ডিব্ৰুগড় সাহিত্য সভা ভৱনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।