ডিজিটেল ডেস্কঃ মোগল সম্ৰাট চাজাহানে মাদৈ মমতাজৰ নামত চুৰি কৰা মাটিত নিৰ্মাণ কৰিছিল তাজমহল৷ এইবাৰ বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে কৰিছে এই বিস্ফোৰণ৷ যোৱা কেবাটাও মাহ ধৰি বিজেপি নেতাই তাজমহলক লৈ বিতৰ্ক কৰাৰ পিছত এইবাৰ স্বামীয়ে তাজমহলক চুৰি মাটিত নিৰ্মাণ কৰা বুলি কৈ পুনৰ বিতৰ্কৰ সৃষ্টি কৰে৷
তাজমহল বনাবৰ বাবে চাজাহানে জয়পুৰৰ ৰজাক মাটিৰ কাৰণে জোৰ কৰিছিল আৰু প্ৰায় ৪০ খন গাঁও অধিগ্ৰহন কৰিছিল বুলি কয় বিজেপি নেতা স্বামীয়ে। এই বিষয়ে সুব্ৰমনিয়াম স্বামীৰ ওচৰত হেনো প্ৰমানো আছে। স্বামীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয়৷ এদিন পুৰ্বে বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলক দেশৰ বাবে কলংক বুলি কৈ বিতৰ্কৰ সৃষ্টি কৰিছিল বিজেপিৰ বিধায়কে৷ কেৱল কলংকিত অধ্যায়ে নহয় ভাৰতীয় সংস্কৃতিৰ বাবে লজ্জাৰ বিষয় বুলি কৈছিল উত্তৰ প্ৰদেশ বিজেপিৰ বিধায়ক সংগীত সোমে৷