তামিলনাডুঃ শ্ৰীলংকাৰ নৌ সেনাই পুনৰ বন্দী কৰিলে ভাৰতীয় মাছমৰীয়াক৷ দ্বীপৰাষ্ট্ৰখনত মাছ মৰা বাবে শনিবাৰে ৰাতি নৌসেনাই বাৰজন মাছমৰীয়াক আটক কৰে৷ তামিলনাডুৰ পুডুকোট্টাই জিলাত সংঘটিত হয় এই ঘটনা৷ মাছমৰীয়াকেইজনৰ লগত ২ টা দুটা ইঞ্জিনযুক্ত বাহনো উদ্ধাৰ কৰে সেনাই৷ আনহাতে ক্ৰমাত বৃদ্ধি হৈছে এনে ধৰণৰ ঘটনা৷  চলিত মাহতে এইটো পঞ্চম ঘটনা৷ শ্ৰীলংকাই ১৪ মাৰ্চত ৭৭জন মাছমৰীয়া মুকলি কৰি দিছিল৷

তদুপৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পল্লনীস্বামীয়ে সঘনে হৈ থকা এনে ঘটনাসমুহত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ২৩ মাৰ্চত প্ৰধানমন্ত্ৰীলৈ এক পত্ৰও প্ৰেৰণ কৰিছিল৷ শ্ৰীলংকাত এতিয়ালৈ ১৩১ খন নাওঁ আবদ্ধ হৈ আছে৷ তথ্য অনুসৰি মাছমৰীয়াসকলে মাছ ধৰিবলৈ যোৱাৰ আগতে ভাৰতীয় বিষয়াৰ পৰা অনুমতি লৈছিল৷

তদুপৰি মাছমৰীয়াসকলক আটক কৰাৰ কিছু সময় পুৰ্বে শ্ৰীলংকাৰ নৌ বাহিনীৰ সেনাই শিল, লোহা আৰু সুৰাৰ বটলেৰে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে৷ চলিত মাহৰ প্ৰথম ভাগতো এনেধৰণৰ এক আক্ৰমণত এজন মাছমৰীয়াৰ মৃত্যু হৈছিল৷