তামোলপুৰঃ ৰঙিয়া-তামোলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী ১২৭ নং (ডি) পথটো অতি সম্প্ৰতি কিলাৰ হাইৱেত পৰিণত হৈছে। বিগত তিনিদিনত তামোলপুৰ থানাৰ অন্তৰ্গত দ্বাৰকুচিত আৰু উলুবাৰী পাৰ্বতী চকত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত চাৰিজনকৈ লোক নিহত হোৱাৰ পিছত আজি ৰাতিপুৱাৰে পৰা তামোলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী পৰিদৰ্শক অসীম বৰাৰ নেতৃত্বত, গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়ো, বাক্সা জিলা পৰিবহন বিভাগৰ যানবাহন পৰিদৰ্শক ৰঞ্জিত কুমাৰ দাস আৰু তামোলপুৰ অসামৰিক প্ৰশাসনৰ সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাসৰ সহযোগত ৰঙিয়া-তামোলপুৰ-ভূটান পথত যানবাহনৰ বিৰুদ্ধে অভিযান চলোৱা হয়।
তামোলপুৰৰ গোৰেশ্বৰ চ’ক, তামোলপুৰ বাণিজ্য মহাবিদ্যালয়, দ্বাৰকুচিকে ধৰি তামোলপুৰৰ বিভিন্ন ঠাইত অভিযানকাৰীৰ বৃহৎ দলটোৱে অভিযান চলায়। দলটোৱে দুচকীয়া, তিনিচকীয়া, চাৰি চকীয়া ট্ৰাক, ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ বিৰুদ্ধে অভিযান চলাই বাহন সমূহৰ নথি-পত্ৰ তন্ন তন্ন কৈ পৰীক্ষা কৰে। প্ৰকৃত আৰু উপযুক্ত নথি-পত্ৰ নথকা যানবাহন, অতিৰিক্ত বোজাই কঢ়িওৱা বাহন আদিৰ বিৰুদ্ধে চলা অভিযানত অভিযানকাৰীৰ দলটোৱে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰি আইন অমান্য কৰা বাহন সমূহৰ পৰা আজিৰ দিনটোত অৰ্ধলক্ষাধিক টকাৰ জৰিমনা সংগ্ৰহ কৰিছে।