58
তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখাটা চকত শুকুৰবাৰে নিশা এক জুৱাৰ ঘাটি উৎখাত কৰা হয়। লগতে চাৰিজন জুৱাৰী আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন জুৱাৰী চাৰি গৰাকী হৈছে চুনফু ব্ৰহ্ম, চমেন বড়ো, আব্দুল লতিব আৰু ৰিন্টু আলীক। উল্লেখ্য যে, তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা আৰু তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্ব আৰক্ষী দলে এটাই এক গোপন সুত্ৰৰ পোমখেদি বৰখাটা চকত অভিযান চলাইছিল।