মুলপুৰত পথ দুৰ্ঘটনাত যুৱক নিহত

 | by NNO Correspondent  |  0
Printer-friendly version

তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ অধিনৰ ন মাইলত শনিবাৰে সন্ধিয়া ৭ বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। 

এই দুৰ্ঘটনাত ঘটনাস্থলীত নিহত হয় এগৰাকী যুৱক। নিহত যুৱকজন তামুলপুৰ থানাৰ অন্তৰ্গত বৰখোপা গাঁৱৰ নৰেন মজুমদাৰৰ পুত্ৰ জ্যোতি মজুমদাৰ (২৩) বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে, তামুলপুৰৰপৰা ৰঙিয়া অভিমুখে গৈ থকা জ্যোতি মুজুমদাৰে এএছ ০১ ডিকে ৯৭৬৯ নম্বৰ পালছাৰ বাইকেৰে গৈ আছিল। ন মাইল পোৱাৰ লগে লগে বাইকখনে একে দিশে গৈ থকা এখন নম্বৰ বিহীন ট্রেক্টৰৰ পিছফালে খুন্দিওৱাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

ঘটনাস্থলীতে যুৱকজন নিহত হোৱা লগতে বাইকখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে তামুলপুৰ আৰক্ষী থানত খবৰ দিয়াত  তামুলপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক বৈকুণ্ঠ বৈশ্যৰ নেতৃত্বত যোৱা এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তামুলপুৰ থানালৈ আনে।