তামুলপুৰঃ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দিঘিলিপাৰত শনিবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘটিত হয়৷
জানিব পৰা মতে সন্ধিয়া ৭ মান বজাত দিঘিলিপাৰ গাঁৱৰ জিতেন দাসৰ পুত্ৰ ৰূপান্তৰ দাসে (৩৫) নিজ গৃহৰপৰা ৰঙিয়া-ভূটান পথেৰে খোজ কাঢ়ি দোকানলৈ গৈ থকা অৱস্থাত ভূটানৰপৰা ৰঙিয়া অভিমুখি এখন তীব্ৰ বেগী পালছাৰ (এএছ ০১ ডিজে ০৪৮৩) বাইকে পিছ ফালৰপৰা খুন্দা মাৰাৰ ফলত গুৰতৰভাৱে আহত হয়৷
গুৰুতৰভাৱে আহত ৰূপান্তৰ দাসক স্থানীয় লোকে ততাতৈয়াকৈ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই বাইক আৰোহীকেইজন বাইখন এৰি ঘটনাস্থলীৰপৰা পলায়ন কৰে৷
পাছত দুৰ্ঘটনাতৰ খবৰ পাই তামুলপুৰ আৰক্ষী থানাৰ এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বাইখন উদ্ধাৰ কৰি থানালৈ লৈ যায় আৰু বাইকখনৰ গৰাকীৰ অনুসন্ধান অব্যাহত ৰাখে৷