তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাট আৰক্ষী চকীৰ অধীনৰ হাজাৰা গাঁৱত এক পথ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয়। ঘটনাৰ বিৱৰণি মতে বৃহস্পতিবাৰে আবেলি পাঁচ বজাত ৰঙিয়া-ভূটান পথৰ হাজাৰগাঁৱত এখন তীব্ৰবেগী বলেৰো পিক-আপ ভানে মহতিয়াই নিয়ে এজন চাইকেল আৰোহীক।

জানিব পৰা মতে শক্তি বিভাগৰ কামত ব্যৱহৃত বলেৰো পিক-আপ (এ এছ ২৫ ডি চি ৮১৮২) বাহনখনে ভূটানৰপৰা ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত মনেশ্বৰ শৰণীয়া (৫২) নামৰ চাইকেল আৰহীজনক পিছফালৰপৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰাত ঠিতাতে নিহত হয় চাইকেল আৰোহীজন।

নিহত লোকজনে এজন আত্মীয়ৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰি নিজ ঘৰলৈ উভতি আহি থাকোতে দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাৰ খবৰ পাই ঘটনাস্থলীলৈ কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হয়গৈ৷