তামুলপুৰঃ সদৌ অসম বাঙালী যুব-ছাত্র ফেডাৰেচনে আজি আহ্বান জনোৱা অসম বন্ধৰ ব্যাপক প্ৰভাৱ তামুলপুৰ মহকুমাত সৰ্বাত্মকভাৱে পৰা পৰিলক্ষিত হয়৷ বন্ধৰ সময়ছোৱাত অঞ্চলটোৰ দোকান-পোহাৰ, বেংক আদি বন্ধ থকাৰ উপৰিও যান-বাহনৰ চলাচল বন্ধ হৈ পৰে৷ বন্ধ চলি থকাৰ মাজতে তামুলপুৰ আৰক্ষী প্ৰশাসনে তামুলপুৰ চহৰৰ মাজমজিয়াৰপৰা অৰ্ধ শতাধিক বন্ধ সমৰ্থকক আটক কৰি তামুলপুৰ আৰক্ষী থানালৈ আনি আবদ্ধ কৰি থয়৷
ইপিনে আটকাধীন যুৱকসকলে তামুলপুৰৰ ডিমিলাপাৰত অনুস্থিত হ’বলগীয়া এখন সভাত অংশগ্ৰহণ কৰিবলৈ আহোতে আৰক্ষীয়ে তেওঁলোকক আটক কৰা বুলি সদৰি কৰে৷