newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোসাই গাৱঁৰ (ৰঙাপানী) হুছেইন বসুমতাৰীৰ প্ৰথম পুত্ৰ চানচুমা বসুমতাৰী (২৩)য়ে সৰ্প দংশনৰ ফলত অকালতে মৃত্যুক সাৱটি ল’ব লগা হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ জানিব পৰা মতে, শুকুৰবাৰে নিশা ভাত-পানী খাই গৰমৰ বাবে তেওঁ মাটিতে বিচনা পাৰি শুই আছিল৷ শুই থকা অৱস্থাতে যুৱক জনৰ বাওঁ ভৰিৰ গোৰোহাত কোনো পোকে কামুৰি দিয়ে৷
যুৱক জনে কামোৰ সহ্য কৰিব নোৱৰি শুই থকাৰ পৰা উঠি টৰ্চ লাইটেৰে কিহে কামুৰিলে বুলি চোৱা মেলা কৰে যদিও কিহে কামুৰিলে ধৰিব নোৱাৰিলে৷ ইপিনে যুৱক জনৰ ভৰিৰ বিষ বেছি হোৱাত পৰিয়ালৰ আন লোক সকলক ঘটনাটো অৱগত কৰে৷ পৰিয়ালৰ লোকৰ মাজত হুৱা দুৱা লাগে৷