newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোসাই গাৱঁৰ (ৰঙাপানী) হুছেইন বসুমতাৰীৰ প্ৰথম পুত্ৰ চানচুমা বসুমতাৰী (২৩)য়ে সৰ্প দংশনৰ ফলত অকালতে মৃত্যুক সাৱটি ল’ব লগা হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ জানিব পৰা মতে, শুকুৰবাৰে নিশা ভাত-পানী খাই গৰমৰ বাবে তেওঁ মাটিতে বিচনা পাৰি শুই আছিল৷ শুই থকা অৱস্থাতে যুৱক জনৰ বাওঁ ভৰিৰ গোৰোহাত কোনো পোকে কামুৰি দিয়ে৷  

যুৱক জনে কামোৰ সহ্য কৰিব নোৱৰি শুই থকাৰ পৰা উঠি টৰ্চ লাইটেৰে কিহে কামুৰিলে বুলি চোৱা মেলা কৰে যদিও কিহে কামুৰিলে ধৰিব নোৱাৰিলে৷ ইপিনে যুৱক জনৰ ভৰিৰ বিষ বেছি হোৱাত পৰিয়ালৰ আন লোক সকলক ঘটনাটো অৱগত কৰে৷ পৰিয়ালৰ লোকৰ মাজত হুৱা দুৱা লাগে৷ 

পিছত ওচৰ চুবুৰীয়াৰ সহযোগত পৰিয়ালৰ লোকে যুৱক জনক ৰঙিয়া চিভিল হস্পিতাললৈ নিয়ে যদিও তাৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷ পৰিয়ালৰ লোকে যুৱক জনক গুৱাহাটীৰ জিএনআৰচিত ভৰ্তি কৰোৱাই চিকিৎসা প্ৰদান কৰে যদিও জিএনআৰচি কৰ্তৃপক্ষই যুৱক গৰাকীক আজি মৃত বুলি ঘোষণা কৰে৷ 

ইপিনে যুৱক জনক নিশা শোৱাপাটীত সৰ্পই দংশন কৰা বুলি চিকিৎসক, স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকসকল নিশ্চিত হয়৷ গোৰেশ্বৰ কলেজত কলা শাখাৰ স্নাতক মহলাত অধ্যয়নৰত চানচুমা বসুমতাৰীৰ মৃতদেহটো ঘৰলৈ আনি আজি আবেলি এক শোকাকূল পৰিবেশত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰে৷