তামুলপুৰঃ বি পি এফ এখন ডুবন্ত নাঁও। বিজেপিয়ে বি পি এফৰ ডুবন্ত নাওত ভৰি দি ডাঙৰ ভুল কৰিলে এই ভাষ্য ৫ নং কোকৰাঝাৰ লোকসভাৰ এবছু, এন ডি এফ বি(প্ৰ) ৰ সমৰ্থিত প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ। মঙলবাৰে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত দৰঙাজুলী ইউ পি পি এলৰ উদ্যোগত অনুষ্ঠিত এক বিশাল নিৰ্বাচনীত সভাত অংশ গ্ৰহণ কৰি তেওঁ কয় বি পি এফৰ লগত মিত্ৰতা কৰিয়েই কংগ্ৰেছে বি টি চিত শেষ হৈ গ’ল।
তেওঁলোকৰ ভেটি উছন হৈ গ’ল। বি টি চি আজি দুৰ্নীতিমুক্ত নহয়, আজি ভেঞ্চাৰ স্কুল, কলেজ প্ৰাদেশীকৰণ কৰা হোৱা নায়। কিছুমান ৰাস্তা ঘাটৰ উন্নতি হৈছে যদিও যথেষ্ট হোৱা নাই। বি পি এফৰ কিছুমান ডাঙৰ নেতা ডাঙৰ হৈ গ’ল। আজি বি পি এফৰ নেতৃত্বত অবৈধ, শিল বালিৰ মহল (কুৱেৰী)চলি আছে। সেয়ে বি পি এফৰ প্ৰতি ৰাইজৰ মোহ ভংগ হৈছে আৰু ইউ পি পি এলৰ প্ৰতি ৰাইজ ধাৱমান হৈছে। সেয়ে এইবাৰ কোকৰাঝাৰ লোকসভাত আমি বিপুল ভোটত জিকাটো খাটাং বুলিও সদৰী কৰে তেওঁ। ভাষণ প্ৰসংগত তেওঁ কয় যে শব্দ ৰাম ৰাভা ৰ লগত আজি কোনো লগ নাই।বি টি চি চুক্তি বাতিল আৰু গাঁও কৰ্তন কৰিম বুলি নৱ শৰণীয়া যোৱাবাৰ সাংসদ হৈছিল।