68
তামুলপুৰঃ ২০২০ চনত বিটিচিত ইউ পি পি দলৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত৷ কিয়নো বড়ো ৰাইজ এতিয়া হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ সতে নাই৷ আজি পোন্ধৰ বছৰ ধৰি বিটিচিত ধনবল, বাহু বলেৰে নিৰ্বাচনী বৈতৰণী পাৰ হৈ আহিছে৷ তেওঁলোকৰ হাতত ধনবল আছে কিন্তু আমাৰ দলৰ আছে জনবল৷ টকাৰে ভোট কিনাৰ দিন উকলিল৷ ইউ পি পি এল দলে এতিয়া জনবলেৰে আমি শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছোঁ বুলি ভাষণ প্ৰদান কৰে ইউ পি পি এল দলৰ সভাপতি ইউ জি ব্ৰহ্ম৷
