newsnextone.com । তামুলপুৰঃ সপোনত ওমলা বয়সতে জীৱন মৃত্যুৰ যুঁজত নামি পৰিছে এটি কিশোৰ। বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত গুৱাবাৰীৰ গাৰোবস্তী গাওঁৰ টিকা প্ৰসাদ তেৰুঙৰ ৮ বছৰীয়া পুত্ৰ অশোক লিম্বুৰ যোৱা এবছৰ ধৰি ভুগি আছে দুৰাৰোগ্য কৰ্কট ৰোগত।
অৰ্থনৈতিকভাৱে দুৰ্বল পিতৃ-মাতৃয়ে শিশুটোক বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু গুৱাহাটী মেডিকল কলেজত চিকিৎসা প্ৰদান কৰি আহিছে যদিও দিনক দিনে যেন অসুস্থহে হৈ পৰিছে ৮ বছৰীয়া অশোক। চিকিত্সকে শিশুটিৰ উন্নত চিকিত্সাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে যদিও একমাত্ৰ অৰ্থৰ অভাৱত পৰিয়ালটোৱে অশোকক বাহিৰলৈ নি চিকিত্সা কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে।