newsnextone.com । তামুলপুৰঃ  সপোনত ওমলা বয়সতে জীৱন মৃত্যুৰ যুঁজত নামি পৰিছে এটি কিশোৰ। বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত গুৱাবাৰীৰ গাৰোবস্তী গাওঁৰ টিকা প্ৰসাদ তেৰুঙৰ ৮ বছৰীয়া পুত্ৰ অশোক লিম্বুৰ যোৱা এবছৰ ধৰি ভুগি আছে দুৰাৰোগ্য কৰ্কট ৰোগত।

অৰ্থনৈতিকভাৱে দুৰ্বল পিতৃ-মাতৃয়ে শিশুটোক বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু গুৱাহাটী মেডিকল কলেজত চিকিৎসা  প্ৰদান কৰি আহিছে যদিও দিনক দিনে যেন অসুস্থহে হৈ পৰিছে ৮ বছৰীয়া অশোক। চিকিত্সকে শিশুটিৰ উন্নত চিকিত্সাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে যদিও একমাত্ৰ অৰ্থৰ অভাৱত পৰিয়ালটোৱে অশোকক বাহিৰলৈ নি চিকিত্সা কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে।

যাৰ পৰিপ্ৰেক্ষিতত শিশুটিৰ উন্নত চিকিত্সাৰ স্বাৰ্থত পৰিয়ালটোৱে স্বাস্থ্যমন্ত্ৰী আৰু সদাশয় ব্যক্তিৰ সহায় বিচাৰিছে। কোনো লোকে যদি শিশুটিক জীয়াই তুলিবৰ বাবে সহায় কৰিব বিচাৰে তেন্তে এছবিআই একাউন্ট নম্বৰ ৩৭৭৪৪৮৬৪৭৫৬ অথবা ৮০১১৪-৩০৮০৭ ত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।