তামুলপুৰঃএবছুৰ কোনো আদৰ্শ নাই। নিৰ্বাচন আহিলে এবছুই পৃথক ৰাজ্যৰ দাবীত আন্দোলন কৰে।  এবছুই দিল্লী দিছপুৰত দালালি কৰিব যায়। এই ভাষ্য বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী।

দেওবাৰে তামুলপুৰ উচ্চত মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত নাগৰিক সভা এনে মন্তব্য আগবঢ়ায় বি টি চি প্ৰধান জনে। সভাত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী উপস্থিত হৈ লোক সভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াক ৰাজহুৱাভাৱে কটাক্ষ কৰি কৰি কয় যে নৱ কুমাৰ শৰণীয়াই তামুলপুৰৰ সমাজ জীৱনত কি কাম কৰিছে বুলি প্ৰশ্ন কৰে।

সাংসদ হিচাপে মই বি টি চিৰ উন্নয়ন যি কৰিছোঁ সাংসদ নৱ কুমাৰ শৰণীয়াই বিগত পাঁচ বছৰত কোকৰাঝাৰ লোকসভাৰ সমষ্টিতো বাদেই তামুলপুৰত কি কাম কৰিছে ৰাইজক দেখুৱাই দিয়ক বুলি মন্তব্য কৰে। একাংশই কৈ থকাৰ দৰে বি টি এ ডি ত অসমীয়া ভাষাৰ  কেতিয়াও মৃত্যু নহয়, হব নোৱাৰে। সাম্প্ৰতিক সময়ত বি টি এডিত বড়ো অবড়ো ৰাজনীতি কৰি লাভ নাই বুলি মন্তব্য কৰি তেওঁ কয় যে নৱ কুমাৰ শৰণীয়াই বড়ো-অবড়োৰ ৰাজনীতি কৰাৰ বাহিৰে উন্নয়নৰ এটাও কাম নকৰিলে।

বি পি এফ দলে এক মাত্ৰ ৰাজনৈতিক দল যিয়ে বিগত ১৫ বছৰে বি টি চি অঞ্চলৰ বাবে কাম কৰি আহিছে। সভাত অসম চৰকাৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বি চি এ ডিত  শান্তি সম্প্ৰতি বজাই ৰাখি প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ কাম কৰি যাবলৈ আহ্বান জনায়।

সভাত উপস্থিত থাকে বি পি এফ দল সাধাৰণ সম্পাদক তথা বিধায়ক ইমানুৱেল মুছাহাৰী, সম্পাদক প্ৰৱীণ বড়ো, বিধায়ক মনেশ্বৰ বহ্ম, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, বি টি চিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰী আদিকে ধৰি কেবাগৰাকীও নেতা-কৰ্মীৰ লগতে দুই সহাস্ৰাধিক নাগৰিক লোক উপস্থিত থাকে।