newsnextone.com | তামুলপুৰঃ স্কুলীয়া কিম্বা কলেজীয়া সময়খিনিয়েই ছাত্র-ছাত্ৰী সকলৰ জীৱন গঢ়াৰ উপযুক্ত সময়। এই সময়খিনি ছাত্র-ছাত্ৰী সকলে অবাবত খৰছ নকৰি অধ্যয়নত মনোনিবেশ কৰিব লাগিব। -এই ভাষ্য ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ। তামুলপুৰ মহাবিদ্যালয়ৰ বৃহস্পতিবাৰে অনুষ্ঠিত নৱাগত আদৰণি সভাত উপস্থিত থাকি দৈমাৰীয়ে এই মন্তব্য আগবঢ়ায়।
ভাষণ প্ৰসংগত তেওঁ নবাগত আদৰণি সভাৰ দিনটো প্ৰতিগৰাকী ছাত্র-ছাত্ৰীৰ ঐতিহাসিক দিন বুলি অভিহিত কৰি কয় যে নতুনকৈ নাম ভৰ্তি কৰা ছাত্র-ছাত্ৰী সকলে অগ্ৰজ সকলৰ পৰা শিকিব লাগিব। অতীতত ঘটা ভাল বেয়া ঘটনাৰ সঠিক মূল্যায়ন কৰি এনে ঘটনাৰ পৰা শিক্ষা লৈ ছাত্ৰ-ছাত্ৰী সকলে আগবাঢ়ি যাব লাগিব।