newsnextone.com। তামুলপুৰঃ তামুলপুৰ বাণিজ্যি মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীয়ে দুটাকৈ গুৰুত্বপূৰ্ণ পদত জয়লাভ কৰিবলৈ সক্ষম হৈছে। ভোট গণনাৰ অন্তত ছাত্ৰ একতা সভাৰ সধাৰণ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী চন্দন শৰণীয়াই ২৫১ আৰু ক্ৰীড়া সম্পাদক পদত কৰণ চেত্ৰীয়ে ২৫৩ টা ভোট লাভ কৰি জয়লাভ কৰে।
ফলাফল ঘোষণাৰ পিছতে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়। আছুৰ কৰ্মীসকলে ফটকা, আতচবাজী ফুটাই আনন্দত আত্মহাৰা হৈ পৰে। ইপিনে বৃহস্পতিবাৰে সন্ধিয়া সাত বজাত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।