newsnextone.com। তামুলপুৰঃ তামুলপুৰ বাণিজ্যি মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীয়ে দুটাকৈ গুৰুত্বপূৰ্ণ পদত জয়লাভ কৰিবলৈ সক্ষম হৈছে। ভোট গণনাৰ অন্তত ছাত্ৰ একতা সভাৰ সধাৰণ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী চন্দন শৰণীয়াই ২৫১ আৰু ক্ৰীড়া সম্পাদক পদত কৰণ চেত্ৰীয়ে ২৫৩ টা ভোট লাভ কৰি জয়লাভ কৰে।

ফলাফল ঘোষণাৰ পিছতে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়। আছুৰ কৰ্মীসকলে ফটকা, আতচবাজী ফুটাই আনন্দত আত্মহাৰা হৈ পৰে। ইপিনে বৃহস্পতিবাৰে সন্ধিয়া সাত বজাত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দমন পাটোৱাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকাই দুয়োগৰাকী বিজয়ী প্ৰাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰে। মহাবিদ্যালয় খনৰ শৈক্ষিক পৰিবেশ অধিক উন্নত কৰাৰ বাবে দুয়োগৰাকী প্ৰাৰ্থীকে মনোনিবেশ কৰিবলৈ আছু নেতাজনে আহ্বান জনাই।

অনুষ্ঠানত সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুমুদ ডেকা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপ কলিতাকে ধৰি কেইবাগৰাকীও আছু নেতা কৰ্মী উপস্থিত থাকে। অনুষ্ঠানত দুয়োগৰাকী বিজয়ী প্ৰাৰ্থীক ফুলাম গামোচাৰে অভিনন্দন জনোৱা হয়।