তামুলপুৰঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামাত যোৱা ১৪ ফেব্ৰুৱাৰীত পাক সমৰ্থিত সন্ত্ৰসবাদীৰ আক্ৰমণৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা তামুলপুৰ মহকুমা সদৰৰ কলবাৰী গাঁওৰ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ লগতে সমগ্ৰ তামুলপুৰ মহকুমাবাসী আজিও শোকত ম্ৰিয়মান হৈ আছে।
বীৰ ছহিদ গৰাকীৰ চিতাৰ দাউ দাউ কৈ জ্বলি থকা জুইকুৰা এতিয়াও সকলোৰে চকুত ভাঁহি আছে। ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰপৰা আহি বিভিন্ন লোকে শোক সন্তপ্ত পৰিয়ালটোৰ দুখৰ সমভাগী হৈছে। সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্র সন্থাৰ এটা প্ৰতিনিধিৰ দলে শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গক সমাবেদন জ্ঞাপন কৰে।