দৰংগিৰী সমাজকৰ্মী ধৰ্মেশ্বৰ কছাৰীৰ পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান 

 

অসমখন দ্বিতীয় জম্মু কাশ্মীৰ হোৱাটো আমি বিচৰা নাই,  ডঃ সমুজ্জ্বল ভট্টাচাৰ্য 

 

তামুলপুৰঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামাত যোৱা ১৪ ফেব্ৰুৱাৰীত পাক সমৰ্থিত সন্ত্ৰসবাদীৰ আক্ৰমণৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা তামুলপুৰ মহকুমা সদৰৰ কলবাৰী গাঁওৰ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ লগতে সমগ্ৰ তামুলপুৰ মহকুমাবাসী আজিও  শোকত ম্ৰিয়মান হৈ আছে। 

বীৰ ছহিদ গৰাকীৰ চিতাৰ দাউ দাউ কৈ জ্বলি থকা জুইকুৰা এতিয়াও সকলোৰে চকুত ভাঁহি আছে। ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰপৰা আহি বিভিন্ন লোকে শোক সন্তপ্ত পৰিয়ালটোৰ দুখৰ সমভাগী হৈছে। সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্র সন্থাৰ এটা প্ৰতিনিধিৰ দলে শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গক সমাবেদন জ্ঞাপন কৰে। 

প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা আৰু নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে। সংবাদ মাধ্যমৰ সতে হোৱা বার্তালাপত আছু নেতা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে ভাৰত চৰকাৰে এটা স্পষ্ট নীতিৰ আধাৰত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ বাবে এটা ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি দেখুৱাব লাগে। 

দেশত হুজি, মৌলবাদী আছে বুলি চৰকাৰে স্বীকাৰোক্তি দি আহিছে যদিও আজিলৈ হুজি বা মৌলবাদী উৎখাত কৰাৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। প্ৰসংগক্ৰমে ভট্টাচাৰ্যই কয় যে আমি অসমখন দ্বিতীয় ত্ৰিপুৰা হোৱাটোও বিচৰা নাই, অসমখন দ্বিতীয় জম্মু কাশ্মীৰ হোৱাটোও বিচৰা নায়। 

ইপিনে আবেলি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কেইবাগৰাকীও অসম গণ পৰিষদ দলৰ জেষ্ঠ্য নেতা-কৰ্মী আৰু অসম গণ পৰিষদ দলৰ নেতা হৰেশ্বৰ স্বৰ্গীয়াৰী, কালিমুদ্দিন আহমেদ, ৰত্নেশ্বৰ শৰ্মা, ৰঞ্জিত দাস সহ কেইবাগৰাকীও নেতাক লগত লৈ তামুলপুৰৰ কলবাৰীস্থিত বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত উপস্থিত হয়। 

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত অহা অসম গণ পৰিষদৰ দলটোৱে বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পত্নী চানমতি বসুমতাৰী, কন্যা ডিদমশ্ৰী বসুমতাৰী আৰু পুত্ৰ ধনঞ্জয় বসুমতাৰীৰ লগতে পৰিয়ালটোৰ আত্মীয়-স্বজনৰ লগত মিলিত হয় আৰু দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ ছহিদ গৰাকীৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। 

সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ লগতে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা আটাইকেইগৰাকী বীৰ ছহিদলৈ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। পুলৱামাৰ ঘটনাক নিন্দা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে হিংসাৰে কোনো সমস্যা সমাধান হ’ব নোৱাৰে। পুলৱামাৰ দৰে বৰ্বৰ ঘটনাৰ যাতে দেশত পুনৰাবৃত্তি নঘটে সেই ক্ষেত্ৰত ভাৰত চৰকাৰক যথোচিত ব্যৱস্থা ল’বলৈও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। নহ’লে ভাৰতবৰ্ষই আৰু অধিক জোৱানক হেৰুৱাব লাগিব বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই। 

ইপিনে কালি বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালটোত গোৱালপাৰা জিলাৰ দৰংগিৰীৰ সমাজকৰ্মী ধৰ্মেশ্বৰ কছাৰীৰ পুত্ৰ সন্তোষ কছাৰী আহি উপস্থিত হয় আৰু ছহিদ পৰিয়ালটোক লগ ধৰি বীৰ গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰৰ লগতে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। 

লগতে ধৰ্মেশ্বৰ কছাৰীৰ হৈ তেওঁৰ পুত্ৰ সন্তোষে  ছহিদ পৰিয়ালটোক পঞ্চাশ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে। ইয়াৰ উপৰিও কাশ্মীৰৰ পুলৱামাত নিহত বাকী কেইগৰাকী ছহিদৰ বাবেও এক লাখ টকা গোৱালপাৰা জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰিব বুলি সমাজকৰ্মী গৰাকীৰ পুত্ৰ সন্তোষে জানিবলৈ দিয়ে। ধৰ্মেশ্বৰ কছাৰীৰ এনে কাৰ্যত ছহিদ পৰিয়ালটোৰ লগতে আত্মীয়-স্বজন আৰু তামুলপুৰবাসীয়ে সন্তোষ প্ৰকাশ কৰে আৰু ধৰ্মেশ্বৰ কছাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। 

সোমবাৰে বীৰ ছহিদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেন বড়ো, চিকিম বিশ্ববিদ্যালয়ৰপৰা অহা প্ৰতিনিধি হিচাবে নিৰোজ অধিকাৰী, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশ সমিতিৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাস, কাৰ্যকৰী সদস্য নয়নজ্যোতি শৰ্মা আৰু তথ্য কোষৰ তত্ববধায়ক পিকু কুমাৰ ঝাঁ, নলবাৰীস্থিত কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত এটি প্ৰতিনিধি দল, কল্যাণ আশ্ৰম গুৱাহাটীৰ এটি দলৰ উপৰিও বিভিন্ন দল-সংগঠন, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে উপস্থিত হয় আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।