117
তামুলপুৰঃ শনিবাৰে নিশা বনৰীয়া হাতীৰ জাক এটাই নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰী গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ চলায়।
ৰাতি হাতীৰ জাকটোৱে গুৱাবাৰী গাঁৱত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ ভাঙি তাণ্ডৱ চলোৱাৰ উপৰিও হাতীৰ জাকটোৱে দেৱ কলিতা নামৰ লোকজনৰ দোকান ঘৰ ভাঙি দোকানৰ বয়-বস্তু খাই তহিলং কৰে আৰু বহু পৰিমাণৰ বস্তু গছকি ধ্বংস কৰে।