64
তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাত বিগত বহু দিনে অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত। শুকুৰবাৰে নিশা খাদ্যৰ সন্ধানত ভূটান পাহাৰৰপৰা নামি অহা বন্য হস্তীৰ বৃহৎ এটা জাক এটাই তামুলপুৰ মহকুমাৰ বৃহত্তৰ কাউলী অঞ্চলত প্ৰৱেশ কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।
জাকটোৰ উপদ্ৰৱত আতংকিত হৈ অঞ্চলটোৰ লোক সকলে ঘৰ-দুৱাৰ এৰি যধে-মধে পলাবলৈ ধৰোঁতে পূব তৰুণ গাঁৱৰ এজন ১৫ বছৰীয়া কিশোৰ আহত হয় আৰু কথমপি প্ৰাণ ৰক্ষা পৰে।