newsnextone.com | তামুলপুৰঃ শাওন গ’ল৷ এতিয়া ভদীয়া বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ নমাই অনা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ কেইবাখনো নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰি হাজাৰ হাজাৰ বিঘা খেতি ভূমি বিনষ্ট কৰাৰ লগতে কেইবা শতাধিক পৰিয়ালক গৃহহাৰা কৰিছে৷ তেনে এক সময়তে যোৱা দুদিন ধৰি ভাৰত-ভূটান সীমান্তত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবে তামুলপুৰৰ সীমান্তবৰ্তী শশীপুৰ, খৈৰানী আদি অঞ্চলত বহূ ঠাই জলমগ্ন হৈ পৰিছে৷
তামুলপুৰ সীমান্তৱৰ্তী শশীপুৰ হাইস্কুলকে ধৰি কেইবাখনো বিদ্যালয় পানীত বুৰ যোৱাত পাঠদান তথা গোট পৰীক্ষাসমূহ বাতিল কৰিব লগা হৈছে৷ আনকি নেৰানেপেৰা বৰষুণক ফলত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদীও পানী বাগৰি যায়৷