তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কচুৱাৰীস্থীত মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত ইতিহাস প্ৰসিদ্ধ ৫১৯ সংখ্যক গৰখীয়া সবাহ মহোৎসৱ শনিবাৰৰপৰা অৰ্থাৎ ১৬ মাৰ্চ শনিবাৰৰপৰা পাঁচ দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে।
সবাহৰ আজি দ্বিতীয় দিনাও তামুলপুৰ মহকুমাৰ উপৰিও ৰঙিয়া, নলবাৰী, গুৱাহাটী, তেজপুৰ আদিকে ধৰি অসমৰ ইমূৰৰপৰা সিমূৰ ব্যাপি ভিন্ন প্ৰান্তৰপৰা অহা ভক্তপ্ৰাণ ৰাইজৰ উপৰিও ভাৰতৰ ভিন্ন ৰাজ্যৰপৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে এই ইতিহাস প্ৰসিদ্ধ মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ চৌহদত।