70
তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ কচুবাৰী শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ গৰখীয়া সবাহ মহোৎসৱ শনিবাৰৰেপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰাম্ভ হৈছে।
কাৰ্যসূচী অনুসৰি আজি পুৱা আঠ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰে থান সত্ৰৰ প্ৰাক্তন সম্পাদক নৰেন শৰ্মাই। তোৰণৰ দ্বাৰ উদ্বোধন কৰে সমাজকৰ্মী স্বপন সিংহই। মন্দিৰৰ দ্বাৰ উদ্বোধন কৰে থান সত্ৰৰ প্ৰাক্তন সভাপতি হলধৰ দাস আৰু বন্তি প্ৰজ্বলন কৰে গনেশ ৰাভাই।