তামুলপুৰঃ পদূলি মুখত লোক সভা নিৰ্বাচন। তাৰ প্ৰাকক্ষণত তামুলপুৰ আৰক্ষীৰ তৎপৰতা বৃদ্ধি পাইছে৷ বাক্সা জিলা তামুলপুৰ মহকুমা সদৰত বৃহস্পতিবাৰে কেবামাহ ধৰি অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আহিছে৷ আনকি সুৰাৰ উপৰিও ভাং আৰু নিচাসক্ত দ্ৰব্যৰ ব্যৱহাৰো বাঢ়ি যোৱাত সচেতন মহল চিন্তিত হৈ পৰিছে৷
যাৰ ফলত একাংশ লোক তথা নৱ প্ৰজন্মৰ যুবক এই নিচাসক্ত দ্ৰব্যৰ প্ৰতি আসক্তি বাঢ়িবলৈ ধৰা পৰিলক্ষিত হৈছে৷ তামুলপুৰৰ একাংশ চাহৰ দোকান, ভাতৰ হোটেল, পান দোকান আনকি গৃহস্থৰ ঘৰতো সহজ লভ্য হৈ পৰিছে অবৈধ সুৰা আৰু নিচাসক্ত দ্ৰব্যৰ প্ৰচলন৷ ইপিনে সুৰা আৰু নিচাসক্ত দ্ৰব্যৰ বাবে কিছুমান বিক্ষিপ্ত ঘটনাও সময়ে সময়ে সংঘটিত হোৱা পৰিলক্ষিত হৈছে৷
শেহতীয়াভাৱে এই ক্ষেত্ৰত বাক্সা জিলা আৰক্ষী প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে আৰক্ষীৰ দলে বিভিন্ন ঠাইত গোপন অভিযান চলোৱা পৰিলক্ষিত হৈছে৷ আজি তামুলপুৰ থানাৰ এছ আই নৃপন গগৈৰ নেতৃত্বত যোৱা এটা বৃহৎ আৰক্ষীৰ দলে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলীৰ ৩ নং দোঙাৰ গাওঁত ৰাতিপুৱাৰ ভাগত এক অভিযান চলায়৷
অভিযান কালত আৰক্ষীৰ দলে দোঙাৰপাৰ গাঁওৰ সন্তোষ প্ৰধানৰ ঘৰৰপৰা ২২ কাৰ্টুন দেশী-বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ সুৰাখিনি জব্দ কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ আহে৷