অভিজিৎ তালুকদাৰ, তামুলপুৰঃ বহিঃৰাজ্য কৰ্ণাটকত মৃত্যু তামুলপুৰৰ চ’কামাৰীৰ এজন যুৱকৰ৷ মৃত যুৱকজনৰ নাম জয়কান্ত কলিতা (৩১)। কৰ্ণাটকৰ উডুপি জিলাৰ মেছাৰ্ছ কাৰাৱলি ওচেন প্ৰডাক্টছ প্ৰালি নামৰ কোম্পানী এটাত কৰ্মৰত আছিল যুৱকজন৷
বৃহস্পতিবাৰে মৃত জয়কান্তৰ পত্নীয়ে জয়কান্তই আত্মহত্যা কৰা বুলি বায়েকক ফোনযোগে জনাইছিল যদিও বায়েকে সবিশেষ জানিব বিচৰাত ফোনৰ যোগাযোগ বিছিন্ন কৰি দিছিল৷ জয়কান্তৰ বায়েকে লগে লগে পৰিয়াল তথা আত্মীয়-স্বজনক খবৰটো দিয়াত পৰিয়ালৰ মাজত হুৱাদুৱা লাগে৷