তামুলপুৰঃ  বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ কালাকুছিত এটা বনৰীয়া মেঠোনে সন্ত্ৰাস চলাই ৰাইজক ভীতিগ্ৰস্ত কৰি তোলে। 

শনিবাৰে হঠাৎ কালাকুছিৰ পথাৰত ৰাইজে মেঠোনটো প্ৰত্যক্ষ কৰে। এই খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে শ শ ৰাইজ আহি মেঠোনটো চাবলৈ উপস্থিত হয়। 

ইফালে, খবৰ পাই তামুলপুৰ বন বিভাগ আৰু আৰক্ষীৰ লোক আহি ঘটনা স্থলীত উপস্থিত হয়। বন বিভাগৰ লোকে মেঠোনটো কৰায়ত্ব কৰিবলৈ আপ্ৰাণ প্ৰচেষ্টা চলাই যদিও ৰাইজৰ চিঞৰ বাখৰত মেঠোনটো পলাই যায়। 

বৰ্তমানে মেঠোনটো কৰায়ত্ব কৰিবলৈ বনবিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷