তামুলপুৰঃ কলিতা জনগোষ্ঠীক জনজাতিকৰণ দাবীত শনিবাৰে তামুলপুৰ জিলা সমিতি, তামুলপুৰ আঞ্চলিক আৰু
কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই এক ঘন্টীয়া ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। তামুলপুৰৰ ঘগ্ৰাচকত ৰূপায়ন কৰা এই পথ অৱৰোধ কাৰ্যসূচীত তামুলপুৰ জিলা সমিতিৰ সভাপতি বিশ্বজিৎ ডেকা, নৱ-নিৰ্বাচিত সভাপতি কানুৰাম কলিতা, কাৰ্যকাৰী সভাপতি বিপুল লহকৰ, সাধাৰণ সম্পাদক লৱধৰ কলিতা, আঞ্চলিক সমিতিৰ সভাপতি নৃপেন বৰা, সধাৰণ সম্পাদক ভূপেন্দ্ৰ কলিতা, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ উপ-সভাপতি সমৰজ্যোতি কলিতা, সাধাৰণ সম্পাদক ভাস্কৰ কলিতা, বাক্সা জিলা কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ সভাপতি প্ৰাণজিৎ কলিতা, সাধাৰণ সম্পাদক ৰত্নেশ্বৰ কলিতা আদিকে ধৰি কেইবা শতাধিক পুৰুষ মহিলা উপস্থিত থাকে।
আনহাতে, অংশগ্ৰহণকাৰী সকলে অসম চৰকাৰ গো বেক, আমাৰ দাবী ন্যায় দাবী, আমাক এছ টি লাগিবই, নো এছ টি নো ৰেষ্ট, আমাক প্ৰাগজোতিষপুৰ লাগিবই, বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।