newsnextone.com | তামুলপুৰঃ মাথো ৪ বছৰৰ ভিতৰত ভৰতবৰ্ষৰ সকলো গাঁৱত বিদ্যুতৰ সংযোগ দিয়া বুলি সংসদৰ ভিতৰে বাহিৰে বিজেপিৰ মন্ত্ৰী, সাংসদে দাবী কৰি ভাষণৰ জৰিয়তে চমক সৃষ্টি কৰি আহিছে। মণিপুৰৰ অন্তিম খন গাঁৱত বিদ্যুতৰ সংযোগ দিয়া বুলি বৰ বৰ কথাৰে চমক সৃষ্টি কৰিছিল বিজেপিৰ মন্ত্ৰী-নেতাই। স্বাধীনতাৰ পিছতে সমগ্ৰ দেশৰ প্ৰায় ৬ লাখ গাঁৱত বিদ্যুতৰ সংযোগ থকাৰ পিছতোঁ ৪ বছৰত বিজেপিয়ে দেশৰ বেছি গাঁৱত বিদ্যুতৰ সংযোগ দিয়া বুলি দাবী কৰি আহিছে।
কিন্তু বাস্তৱ ক্ষেত্ৰত বিজেপি চৰকাৰে দাবী কৰাৰ দৰে পূৰ্বৰ চৰকাৰে দিব নোৱাৰা ভাৰতবৰ্ষৰ গাঁও সমূহত বিদ্যুতৰ সংযোদ দিব পৰা নাই। আন আন ৰাজ্যৰ কথা নকও অসমত আজিও বহু গাঁও আছে যত বিদ্যুতৰ সংযোগ হোৱা নাই। কিন্তু চৰকাৰে মণিপুৰৰ অন্তিম খন গাঁৱত বিদ্যুতৰ সংযোগ দিয়া বুলি দাবী কৰা কাৰ্যক একপ্ৰকাৰ উপলুঙা কৰি অসমত বহু গাঁৱত আজিও বিদ্যুতৰ সংযোগ নাই। তেনে খবৰ অসমৰ সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে।