তামুলপুৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দেওবাৰে তামুলপুৰৰ কুমাৰীকাটাত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷
দুঘন্টীয়া পথ অৱৰোধ থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৰ্ধশতাধিক সদস্য উপস্থিত থাকে৷ পথ অবৰোধকাৰীসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ আৰ এছ এছ মুৰ্দাবাদ, ৰঞ্জিত দাস মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধায়ক বাতিল হ’বই লাগিব, বাংলাদেশী খেদিব লাগিবই আদি শ্ল’গান দি উত্তাল কৰি তোলে কুমাৰীকাটাৰ ৰাজপথ৷