
তামুলপুৰঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি শিক্ষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ তামুলপুৰ মহকুমা প্ৰশাসনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
শিক্ষকসকলে তেওঁলোকৰ দাবী সম্বলিত বেনাৰ, ফেষ্টুন লৈ কলবাৰী প্ৰাথমিক বিদ্যালয়ৰপৰা এক দীঘলীয়া সমদলেৰে তামুলপুৰ মহকুমা প্ৰশাসন কাৰ্যালয়লৈ আহি মহকুমা প্ৰশাসনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। স্মাৰক পত্ৰিকাত উল্লেখ কৰা দাবীসমূহৰ ভিতৰতঃ
#প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা গ্ৰেড পে' আদায় দিয়া।
# প্ৰাথমিক বিদ্যালয়ৰ প্ৰশিক্ষণ প্ৰাপ্ত স্নাতক শিক্ষকৰপৰা সোতৰ মাহ লোৱাৰ পাছত কাঢ়ি নিয়া ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়া।
# সাময়িক পদোন্নতিৰ মান্যতা বাহাল ৰাখি দৰমহা নিৰ্ধাৰণৰ হিত সাধন কৰা।
# নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখা।
# কৰ্মৰত সকলো ঠিকা ভিত্তিক শিক্ষকক বিনা চৰ্তে নিয়মীয়াকৰণ কৰাৰ লগতে চাকৰিৰ নিৰাপত্তা প্ৰদান কৰা৷
# পাবলৈ বাকী থকা বকেয়াৰ ধন আদায় দিয়া
# অ-প্ৰাদেশীকৃত বিদ্যালয় সমূহ শীঘ্ৰে প্ৰাদেশিকীকৰণ কৰা।
# ছাত্ৰ-ছাত্ৰীৰ ঐক্য সাজ,পাঠ্য পুথি আৰু প্ৰতি বিষয়ত কমেও দুটাকৈ অভ্যাসন আৰু মূল্যায়ন বহী বছৰৰ আৰম্ভণিতে পোৱাটো নিশ্চিত কৰা৷
# বেতন বঞ্চিত শিক্ষকক নিয়মীয়াকৰণ কৰি প্ৰাপ্য দৰমহা আদায় দিয়া।
# শ্ৰেণী আৰু ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা।
# এখন শিক্ষা আয়োগ গঠন কৰক।
# নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পূৰ্ণাঙ্গ সেৱা বিধি প্ৰস্তুত কৰা।
এই দাবী সমূহ ৰাজ্য চৰকাৰে শীঘ্ৰে মানি লোৱাৰ দাবীত তামুলপুৰ মহকুমা প্ৰাঃ শিক্ষক সন্মিলনীয়ে ৰাজপথত এক শোভাযাত্ৰা উলিয়ায়৷ পিছত শিক্ষক সকলে কলবাৰী প্ৰাথমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰে।