তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত তামুলপুৰ আঞ্চলিক মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰে।

সোমবাৰে দিনৰ এঘাৰ বজাৰপৰা এক বজালৈ তিনিঘন্টীয়া প্ৰতিবাদত পৰিৱেশ উত্তাল হৈ পৰে।

মধ্যাহ্ন ভোজন আঁচনি এন জি অ’ক দিবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদত এই আন্দোলন কৰা হয়। তামুলপুৰ শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদত অংশগ্ৰহণকাৰীসকলে  এন জি অ’ গ’ বেক, আমাৰ কাম আমাক লাগিবই,  তেজপিয়া এন জি অ’ হুঁচিয়াৰ, তামুলপুৰ আঞ্চলিক মধ্যহ্ন ভোজন কৰ্মচাৰী জিন্দাবাদ, খেদ ঔ খেদ এন জি অ’ক খেদ, দুখীয়া ৰান্ধনীৰ পেটৰ ভাত কাঢ়ি খোৱা এন জি অ’ গ’ বেক আদি শ্ল’গানেৰে তামুলপুৰ শিক্ষা খণ্ডৰ কাৰ্যালয় উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে ২০০৫ চনৰপৰা বৰ্তমানলৈ ৰান্ধনীসকলে কাম কৰি আছে তেনেস্থলত মধ্যাহ্ন ভোজন আঁচনিখন এন জি অ’ক দিয়াৰ প্ৰতিবাদত তামুলপুৰ শিক্ষাখণ্ডৰ শিক্ষা বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়।