তামুলপুৰঃ ছহিদ মনেশ্বৰ বসুমতাৰীৰ তামুলপুৰৰ কলবাৰীৰ বাসগৃহত শুকুৰবাৰে আবেলি পাঁচ বজাত অসম চৰকাৰৰ সমাজ কল্যান মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম উপস্থিত হয়৷ তেওঁ ছহিদ গৰাকীৰ পৰিয়ালৰ স’তে মত বিনিময় কৰি শোকসন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে৷
আনহাতে তিনি মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ খা-খবৰ লোৱাৰ উপৰিও যাৱতীয় কাম-কাজসমূহৰ অগ্ৰগতি সম্পৰ্কত বুজ লয়৷ সংবাদ মাধ্যমক মন্ত্ৰীগৰাকীয়ে কয় যে ছহিদ মনেশ্বৰ বসুমতাৰী আমাৰ দেশ আৰু জাতিৰ গৌৰৱ৷