তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট

Home ৰাজ্যতামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট

তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট

by News Desk
177 views
A+A-
Reset

তামুলপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বুধবাৰে তামুলপুৰ মহকুমা কেন্দ্ৰত দিনৰ ১১ বজাৰপৰা ২ বজালৈ তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত তামুলপুৰৰ বিভিন্ন আঞ্চলিক সমূহৰ কৰ্মচাৰী উপস্থিত থকাৰ লগতে তামুলপুৰ মহকুমা ছাত্ৰ সন্থা আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ছাত্ৰ নেতাসকল অংশগ্ৰহণ কৰে। 

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়ক বাতিল কৰক, অসম চুক্তি ৰূপায়ণ কৰক, সদৌ অসম কৰ্মচাৰী পৰিষদ জিন্দাবাদ আদি শ্লোগানেৰে তামুলপুৰ মহকুমা কেন্দ্ৰ উত্তাল কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ৰাজ্যিক উপদেষ্টা কন্দৰ্প ডেকা, তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মৃনাল দাস, ৰাজ্যিক কৰ্মচাৰী পৰিষদৰ সদস্য সুনন্দ কলিতা, ৰাজ্যিক কৰ্মচাৰী সদস্য মদন চন্দ্ৰ কলিতা, তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজয় বড়ো, সম্পাদক কুমুদ ডেকা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অনুপ কলিতা উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0