তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ নাগ্ৰীজুলি বজাৰৰ সমীপত শুকুৰবাৰে এটি ৰাজহুৱা প্ৰসাৱগাৰৰ আধাৰশিলা স্থাপন কৰা হয়।
আজি দিনৰ ১২ বজাত বাক্সা জিলা গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনত আঠ লাখ টকা ব্যয় সাপেক্ষে এছ অ’ ডি পি আঁচনিৰ জৰিয়তে নিৰ্মাণ হ’বলগীয়া ৰাজহুৱা প্ৰসাৱগাৰটোৰ আধাৰশিলা স্থাপন কৰে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ নিগমৰ অধ্যক্ষ ইমানুৱেল মোছাহাৰীয়ে।