তামুলপুৰঃ বুধবাৰে আবেলি বীৰ ছহিদ মনেশ্বৰ বসুমতাৰী বাসগৃহত উপস্থিত হয় বাবা ৰামদেৱৰ। বীৰ ছহিদগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ছহিদগৰাকীৰ পত্নী, পুত্ৰৰ আৰু কন্যাক লগ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। 

বাবা ৰামদেৱে বীৰ ছহিদ মনেশ্বৰ সুমতাৰীৰ পৰিয়াললৈ ২.৫০ লাখ টকা আৰ্থিক অনুদান (চেক) আগবঢ়ায়। সাংবাদিকৰে হোৱা এক সাৎক্ষাতকাৰত বাবা ৰামদেৱে বীৰ ছহিদ মনেশ্বৰ বসুমতাৰী পুত্ৰ-কন্যাক সাহসৰে কাম কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে পাকিস্তানত থকা সন্ত্ৰাসবাদীক নিহত কৰা বায়ুসেনা আৰু ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰে বাবা ৰামদেৱে।