তামুলপুৰঃ পথ সুৰক্ষা জীৱন ৰক্ষা ৩০ তম পথ সুৰক্ষা সপ্তাহত বুধবাৰে বাক্সা জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত আৰু তামুলপুৰ টেম্পো সন্থাৰ সহযোগত অনুস্থিত হৈ যায়।
উক্ত পথ সুৰক্ষা সজাগতা সভাত বাক্সা জিলা পৰিবহন বিষয়া মুনিন কুমাৰ দাসে ভাষনত কয় যে- গাড়ী চলাওতে সদায় সাৱধানতা অৱলম্বন কৰি গাড়ী চলাব লাগে, মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলাব নালাগে, ৰাতি গাড়ী চলালে দিপাৰ লাইট ব্যৱহাৰ কৰিব লাগে। বাইক চলাওতে সদায় হেলমেড ব্যৱহাৰ কৰি চলাব লাগে তেতিয়া দুৰ্ঘটনাৰ সময়ত নিজক বছাব পৰা যায়।