তামুলপুৰঃ কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমনত প্ৰাণ আহুতি দিয়া তামুলপুৰ মহকুমাৰ কলবাৰী গাঁৱৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক সমবেদনা জনাবলৈ ৰাজনৈতিক-অৰাজনৈতিক দল-সমগঠনৰ নেতাৰ লগতে ৰাজ্যৰ প্ৰান্তৰ শুভাকাংক্ষীৰ আগমন অব্যাহত আছে৷
বৃহস্পতিবাৰে দিনৰ ভাগত বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰী বাসগৃহ অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, মন্ত্ৰী ৰিহণ দৈমাৰী আৰু তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে পৰিয়াললৈ অসম চৰকাৰৰ বিশ লাখ টকাৰ আনুস্থানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰে৷