তামুলপুৰঃ শৰণীয়া কছাৰী সন্মিলনী অসমৰ সাধাৰণ সম্পাদক তৰুণ দাস শৰণীয়া স্বাক্ষৰিত এক প্ৰেছ বিবৃতি যোগে জনাইছে যে অসমৰ ভূমিপুত্ৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ অন্যতম সংগঠন শৰণীয়া কছাৰী সন্মিলনী অসম, শৰণীয়া কছাৰী সন্মিলিত দাবী সমিতি অসম, শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ অসম আৰু শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, অসমৰ যৌথ উদ্যোগত শুকুৰবাৰে তামুলপুৰত এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত হয়।
শৰণীয়া কছাৰী সন্মিলিত দাবী সমিতি, অসমৰ সভাপতি, শৰণীয়া কছাৰী সন্মিলনী, অসমৰ মুখ্য উপদেষ্টা তথা শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ দীপক ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শৰণীয়া কছাৰী সন্মিলনী, অসমৰ সাধাৰণ সম্পাদক তৰুণ দাস শৰণীয়াই।