তামুলপুৰঃ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তামুলপুৰ আৰক্ষীৰ তৎপৰতা। বাক্সা জিলা তামুলপুৰ মহকুমা সদৰত দেওবাৰে কেবামাহ ধৰি অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আহিছে৷ আনকি সুৰাৰ উপৰিও ভাং আৰু নিচাসক্ত দ্ৰৱৰ ব্যৱহাৰো বাঢ়ি যোৱাত সচেতন মহল চিন্তিত হৈ পৰিছে৷ যাৰ ফলত একাংশ লোক তথা নৱ-প্ৰজন্মৰ যুবক এই নিচাসক্ত দ্ৰব্যৰ প্ৰতি আসক্তি বাঢ়িবলৈ ধৰা পৰিলক্ষিত হৈছে৷
তামুলপুৰৰ একাংশ চাহৰ দোকান, ভাতৰ হোটেল, পান দোকান আনকি গৃহস্থৰ ঘৰতো সহজ লভ্য হৈ পৰিছে অবৈধ সুৰা আৰু নিচাসক্ত দ্ৰব্যৰ প্ৰচলন৷ ইপিনে সুৰা আৰু নিচাসক্ত দ্ৰব্যৰ বাবে কিছুমান বিক্ষিপ্ত ঘটনাও সময়ে সময়ে সংঘটিত হোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াভাৱে এই ক্ষেত্ৰত বাক্সা জিলা আৰক্ষী প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে আৰক্ষীৰ দলে বিভিন্ন ঠাইত গোপন অভিযান চলোৱা পৰিলক্ষিত হৈছে৷