Home ৰাজ্যসাংস্কৃতিক শোভাযাত্ৰাত উজলিল তামুলপুৰৰ বৰ্ণিল সংস্কৃতি

সাংস্কৃতিক শোভাযাত্ৰাত উজলিল তামুলপুৰৰ বৰ্ণিল সংস্কৃতি

by News Desk
85 views
A+A-
Reset

তামুলপুৰঃ শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱৰ দেওবাৰে দ্বিতীয় দিনা অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সমূহৰ প্ৰদৰ্শনেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই তামুলপুৰ মহকুমাবাসীৰ লগতে সমগ্ৰ অসমলৈ কঢ়িয়াইছে সমন্বয়ৰ বাৰ্তা৷ সাংস্কৃতিকভাৱে চহকী তামুলপুৰত ইতিপূৰ্বৰেপৰা বসবাস কৰি অহা বড়ো-কছাৰী, ৰাভা, টোটলা, শৰণীয়া-কছাৰী, মদাহী, কোঁচ-ৰাজবংশী, নেপালী, গোৰ্খা, হাজং, বৰ্মন-কছাৰী, বাঙালী, মুছলমান, বামুন, কলিতা আদি জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতিয়ে তামুলপুৰ অঞ্চলটো মহিয়ান কৰি তুলিছে৷

আজি শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত তাৰেই প্ৰতিফলন ঘটিল। প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টি সমুহ প্ৰদৰ্শন কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া কৃষ্টি বেণ্ডপাৰ্টি, সত্ৰীয়া নৃত্য, বিয়া নাম, শিশু-কৃষ্ণৰ লীলা  আদি কৃষ্টি সমূহৰ প্ৰদৰ্শনে সাংস্কৃতিক শোভাযাত্ৰাটো বিশেষ মাত্ৰা প্ৰদান কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0