তামুলপুৰঃ বাগসা জিলাৰ তামুলপুৰ বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ এন কে আঙাৰকাটা গাঁওত বিদ্যুৎ বিভাগৰ সংঘটিত হৈছে এক আজৱ কাণ্ড। বি পি এল কাৰ্ডৰ জৰিয়তে বিদ্যুৎ সংযোগ লাভ কৰা এটা দৰিদ্ৰ পৰিয়াললৈ ৫ মাহৰ মূৰত বিল আহিল ৫৬১৯৭ টকা।
এই ঘটনা সংঘটিত হৈছে এন কে আঙাৰকাটা অভয়াপুৰ নিবাসী যাদব বৰ্মন নামৰ ব্যক্তিজনৰ লগত। ভুক্তভোগী লোকজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বে তেওঁ কোনো ধৰণৰ বিল লাভ কৰা নাছিল। তেনেস্থলত তামুলপুৰ বিদ্যুত উপ-সংমণ্ডলে কি যুক্তিত পাঁচ মাহত ৫৬১৯৭ টকাৰ বিল প্ৰেৰণ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী যাদৱ বৰ্মনে।