অভিজিৎ তালুকদাৰ, তামুলপুৰঃ অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধীনৰ তামুলপুৰৰ খাদী উৎপাদন কেন্দ্ৰৰ ভেটিত সম্প্ৰতি মাহ মাহ ধৰি বিষয়া কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে তিতালাও গজাৰ উপক্ৰম হোৱাত এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তামুলপুৰত।
এই কেন্দ্ৰত সম্প্ৰতি তিনি গৰাকী বিষয়া-কৰ্মচাৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে যদিও উৎপাদন কেন্দ্ৰটোত বিষয়া-কৰ্মচাৰীৰ উপস্থিতি মুঠেই নিয়মীয়া নহয়। অৱশ্যে ইয়াৰে এগৰাকী গান্ধীবাৰীত ফিল্ডৰ কামত ব্যস্ত থাকে যদিও বাকী দুজনৰ উপস্থিতি মুঠেই নিয়মীয়া নহয় বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।